মোৰ প্ৰেমৰ অনুভৱ এখন চিঠি

মোৰ প্ৰেমৰ অনুভৱ এখন চিঠি
মৰমৰ সোনজনী ভালে আছানে? তোমালৈ মোৰ বৰকৈ মনত পৰিছে পৰিছে সেয়ে মই ইন্টাৰনেটৰ ব্লগৰ যোগেদি তোমালৈ বুলি কিছু কথা লিখিছো। যৌবনৰ দুৱাৰদলিত ভৰি দিয়েই তোমাৰ সান্নিধ্য পাইছিলো।এনে ভাৱ হৈছিল তুমি যেন দুবাহু মেলি দূৰৈৰ পৰা মোক আহবান জনাইছিলা প্ৰেমৰ পৃথিবীলৈ। ময়ো সেই আহবান নেওচিব নোৱাৰি প্ৰথম খোজ দিলো প্ৰেমৰ পৃথিবীত।যদিও মই কবি নহওঁ তথাপিও মোৰ কবিতা লিখাৰ প্ৰেৰণা জাগিছিল তোমাৰ সান্নিধ্যতেই।তোমাক লৈ মোৰ দুচকুত সীমাহীন সোণালী সপোনে হেন্দোলনি থুলিছিল।ভাবিছিলো প্ৰেমৰ পথটি অতি মসৃণ আৰু সেউজীয়া।কিন্তু তাত যে তীক্ষ্ণ কাঁইট আৰু জ্বলন্ত অঙঠাৰে যে এই পথটি ভৰা এই কথা মই সপোনতো ভবা নাছিলো?তোমাৰ পতাৰণাতহে গম পালো এই কথা।তুমি কি ইমান নিষ্ঠুৰ হলা সোণজনী?তোমাক মই নিজৰ আপোনজনতকৈও ভাল পাইছিলো। আৰু অবশেষত তুমি পাষাণ প্ৰতিমা হৈ পৰিলা? কিন্তু কিয়? হয়তু এই কিয়ৰ উত্তৰ কেতিয়াও নাপাম।তোমাৰ পৰা মই কি পালো জানানে সোণজনী? পালো মাথো পতাৰণা,মিচা প্ৰতিশ্ৰুতি অৰু অবৰ্ণনীয় দুখ আৰু কষ্ট ।তুমি মোক কিয় মিচা প্ৰতিশ্ৰুতি দিছিলা?প্ৰেম মৰুভূমিত মৰুদ্যান বুলি বিচাৰি পালো কেৱল কিছুমান মৰুচিকা।সেইবোৰকে সাবতি লৈ মই এতিয়া কটাইছো নিন্দ্ৰাহীন ৰাতি।

নে তুমি এজন ধনৱান আৰু সুদৰ্শন নতুন সংগীৰ সংস্পৰ্শলৈ আহি মোক ত্যাগ কৰিছা? মোৰ কোনো আক্ষেপ নাই সোনজনী। তুমি য'তে নাথাকা তুমি সুখে শান্তি ৰে থাকিবা বুলি আশা কৰিছো। এই কামনাৰে।

ইতি ::::::: তোমাৰ মৰমৰ ধুন

Comments

Popular posts from this blog

নগ্ন আজি আমি

স্মৃতি

আবৰন

Confusion Love

মোৰ জীৱন

অৱহেলা

My Love

My Life

অনুশোচনা